|
所在平台: Udemy |
课程主页: https://www.udemy.com/course/depression-free-assamese/
课程评论:没有评论
本课程名为《抑郁症自由》(Assamese),旨在帮助用户走出抑郁。课程强调,这并非解决所有问题的万能药,而是抑郁症康复旅程中值得信赖的伙伴。课程指出,用户并不孤单,老师和课程将与您同在。 课程将康复比作登山,允许有高峰和低谷,有攀登也有休息,最重要的是每天都尝试攀登,每天都在战斗。课程不关注输赢,只帮助用户每天坚持战斗。 课程内容分为两部分:需要理解的知识和需要练习的实践。用户需要同时掌握这两方面,坚持每天练习课程布置的任务。老师还会不断更新课程,添加有用的新内容,用户在课程免费期间可以持续获取。 课程提醒用户,抑郁症的康复需要时间,正如它并非一日形成,也可能不会一日结束。用户需要给自己时间,理解生活和时间,并尝试依照此去生活。 总的来说,这是一门鼓励用户在抑郁症康复过程中保持积极、坚持练习、并相信自己能够克服困难的课程。
আপুনি যদি ডিপ্ৰেচনৰ পৰা বাহিৰ ওলাব বিচাৰিছে তেন্তে এই কৰ্চটোৱে আপোনাক সহায় কৰিব৷ ইয়াক সকলো সমস্যাৰে উপায় বুলি নধৰি ডিপ্ৰেচনৰ পৰা বাহিৰ ওলোৱাৰ এই যাত্ৰাৰ এক বিশ্বস্ত সংগী বুলি ধৰিব যাৰ ওপৰত আপুনি ভৰসা কৰিব পাৰে৷আপুনি অকলশৰীয়া নহয়, মই আৰু এই কৰ্চটো আপোনাৰ লগত আছে৷ এয়া পাহাৰ বগোৱাৰ নিচিনা কথা৷ কেতিয়াবা আমি বগাব পাৰো, কেতিয়াবা পিচলি পৰোঁ৷ কেতিয়াবা আমি বগাও, কেতিয়াবা জিৰণি লও৷ প্ৰতিদিনে বগাবলৈ চেষ্টা কৰাটোহে ডাঙৰ কথা৷ হয়, আটাইতকৈ ডাঙৰ কথা হ'ল প্ৰতিদিনে যুদ্ধ কৰাটো৷ যুদ্ধত জিকিছেনে নাই সেয়া ডাঙৰ কথা নহয়৷ এই কৰ্চটোৱে আপোনাক প্ৰতিদিনে যুঁজিবলৈ সহায় কৰিব৷ আপুনি ইয়াত কিছুমান কথা শিকিব যিবোৰ কেৱল বুজি পালে হ'ল৷ আনহাতে এনে কিছুমান কথা শিকিব যিবোৰ অভ্যাস বা প্ৰেকটিছ কৰিব লাগিব৷ দুয়োটা কামেই কৰিব৷ অনুশীলৰ কৰিবলৈ দিয়া কামবোৰ প্ৰতিদিনে অনুশীলন কৰিব, সেয়া নাপাহৰিব৷আৰু যেতিয়াই কিবা কামত অহা নতুন কথা দৰকাৰী যেন লাগে তেতিয়াই মই সেয়া কৰ্চটোৰ লগত যোগ কৰি দিম৷ সেয়া আপুনি বিনামুল্যে কৰ্চটো থকালৈকে লাভ কৰি থাকিব৷মনত ৰাখিব এয়া এদিনৰ কাম নহয়, ইয়াৰ বাবে সময় লাগে৷ আপোনাৰ ডিপ্ৰেচন যিদৰে এদিনতে আৰম্ভ হোৱা নাই তেনেদৰে এদিনতে শেষো নহ'ব পাৰে৷ সেয়ে নিজক অলপ সময় দিব৷ এতিয়াও আপোনাৰ হাতত বহু সময় আছে৷ আপুনি মাত্ৰ সেই সময়বোৰৰ কথা, জীৱনৰ কথা অলপ বুজি পালে হ'ল আৰু সেইমতে চলিবলৈ চেষ্টা কৰিলেই হ'ল৷